সোণাৰি: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে মথুৰাপুৰ সপ্তাহিক বজাৰৰ সন্মুখত আপৰ জিলা সমিতিৰ প্ৰতিবাদ
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বৃহস্পতিবাৰে ইডিয়ে গ্ৰেপ্তাৰ কৰে। ইডিৰ নৱমখন চমন প্রত্যাখ্যান কৰা কেজৰিৱালক দিল্লীৰ সুৰানীতি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰে। ইয়াৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলা আম আদমি পাৰ্টীয়ে আজি সন্ধিয়া মথুৰাপুৰ সপ্তাহিক বজাৰৰ সন্মুখত মম জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। পাৰ্টীৰ চৰাইদেউ জিলাৰ মুখ্য সমন্বয়ক মোনিন গগৈ উপস্থিত থাকে।