ৰবিবাৰে আবেলি ৪ বজাত মৰিগাঁও টাউনৰ ১১ নং ৱাৰ্ডত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখনি নিৰ্বাচনী প্ৰচাৰ সভা। সভা খনত উপস্হিত থাকি নগাঁও লোক সভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ প্ৰচাৰ চলাই লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰে। নাজাৰে ভাষন প্ৰসঙ্গত আগন্তুক লোক সভা নিৰ্বাচনত নগাঁও লোকসভাত কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনাই সভাত উপস্থিত হোৱা ৰাইজক।