🟥সোণাৰিত ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ‘খেল মহাৰণ ৩.০’; পঞ্জীয়ন প্ৰক্ৰিয়া অব্যাহত।
🟥ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাক উলিয়াই আনিবলৈ চৰকাৰে গ্ৰহণ কৰা এক মহত্বপূৰ্ণ পদক্ষেপ তথা জনপ্ৰিয় ক্ৰীড়া মহোৎসৱ ‘খেল মহাৰণ ৩.০’ এইবাৰ নতুন ৰূপত অনুষ্ঠিত হ’ব। অহা ৭ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে। এইবাৰৰ খেল মহাৰণত ক্ৰীড়া প্ৰেমীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ১২ বছৰৰ তলৰ খেলুৱৈসকলৰ বাবে ‘শিশু ক্ৰীড়া সমাৰোহ’কে ধৰি বিভিন্ন শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ৯ বছৰৰ শিশুৰ পৰা আৰম্ভ কৰি বয়স্কসকললৈকে সকলোৱে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এই সুবৰ্ণ সুযোগ গ্ৰহণ কৰিব পাৰিব।
🟥ইতিমধ্যে এই প্ৰতিযোগিতাৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। চৰাইদেউ জিলাৰ আয়ুক্ত ড৹ নেহা যাদৱে জিলাখনৰ প্ৰতিগাকী খেলুৱৈক এই পঞ্জীয়ন প্ৰক্ৰিয়াত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে। গাঁৱৰ খেলপথাৰৰ পৰা প্ৰতিভাশালী খেলুৱৈসকলক উলিয়াই আনি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াই নিয়াৰ লক্ষ্যৰে আয়োজিত এই খেল মহাৰণে যুৱ প্ৰজন্মৰ মাজত এক নতুন উৎসাহৰ সৃষ্টি কৰিছে।
পঞ্জীয়ন 👇👇👇👇👇
khelmaharan.com/khel
#foryou #facebookreels #trandingreels #nonflowers
Sonari, Charaideo | Oct 13, 2026