ওদালগুৰি: ভূঞাখাটত নৱ নিযুক্ত ইএম লৌমশ্ৰাউ দৈমাৰীক সম্বৰ্ধনা জনালে অঞ্চলবাসী ৰাইজে
খৈৰাবাৰী সমষ্টিৰ পৰা অলপতে হৈ যোৱা বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিপিএফ দলৰ পৰা লৌমশ্ৰাউ দৈমাৰীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত বিটিচিৰ হাগ্ৰামা মহিলাৰীৰ চৰকাৰত ইএমৰ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ইএমৰ দায়িত্ব লাভ কৰি সমষ্টিত উপস্থিত হোৱাত ভূঞাখাটবাসী ৰাইজৰ লগতে দলৰ কাৰ্য্যকৰ্তা সকলে সম্বৰ্ধনা আৰু উষ্ম আদৰণি জনায় ইএম গৰাকীক।