তিনিচুকীয়া: সদৰত আজান পীৰ মহৰম কমিটিৰ উদ্যোগত পবিত্ৰ মহৰম পালন, শোভাযাত্ৰা বাহিৰ
তিনিচুকীয়াত আজান পীৰ মহৰম কমিটিৰ উদ্যোগত দেওবাৰে পৱিত্ৰ মহৰম পালন কৰা হৈছে । মুছলিম সম্প্ৰদায়ৰ লোক সকলৰ পৱিত্ৰ উৎসৱ হৈছে মহৰম ।মহৰম হৈছে শান্তিৰ প্ৰতীক । মহৰম উপলক্ষে দুপৰীয়া প্ৰায় ২ .৩০ মিনিটত বাহিৰ কৰা হয় ।উক্ত শোভাযাত্ৰা আজান পীৰ স্থলীৰ পৰা চাইডিং , লাল বাংলা হৈ বাহিৰ কৰা হয় । শোভাযাত্ৰাত সকলোৱে একত্ৰিত হৈ মহৰম উপলক্ষে তাজিয়া খেলা পৰিলক্ষিত হয় । উল্লেখযোগ্য যে, আজান পীৰ মহৰম কমিটিৰ উদ্যোগত ২০১০ চনৰ পৰাই মহৰম পালন কৰি আহিছে ।