ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত আবকাৰী শুল্ক আৰোপ, বৃদ্ধি পালে চিগাৰেট, পাণ মছলাৰ দাম
Assam, India | Feb 1, 2026 ধঁপাতজাতীয় সামগ্ৰী যেনে চিগাৰেট আৰু পান মছলাৰ ওপৰত অতিৰিক্ত আবকাৰী শুল্ক ১ ফেব্ৰুৱাৰীৰ অৰ্থাত আজিৰ পৰাই লাগু কৰা হৈছে।সেই অনুসৰি এনে ‘নিক'টিনজাতীয় সামগ্ৰী’ৰ ওপৰত ৪০% জি এছ টিৰ উপৰিও নতুন কৰ আৰোপ কৰা হ’ব। এমাহ পূৰ্বে এই নতুন কৰ ঘোষণাৰ পিছত আইটিচিৰ মাৰ্কেট কেপ প্ৰায় ১ লাখ কোটি ₹ হ্ৰাস পাইছে।