সোণাৰি: সোণাৰীৰ বৰহাটত বুথ সভাপতিৰ সৈতে মত বিনিময় আৰু প্ৰস্তুতি সভাত অংশগ্ৰহণ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, বিধায়ক হেমাংগ ঠাকুৰীয়াৰ
চৰাইদেউ জিলাৰ বৰহাটস্থিত সাংসদ তপন কুমাৰ গগৈৰ বাসগৃহত শুকুৰবাৰে বৰহাট মণ্ডলৰ বুথ সভাপতিসকলৰ এক মত-বিনিময় আৰু প্ৰস্তুতি সভা অনুষ্ঠিত হয় ৷ এই সভাত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, অসম ৰাজ্যিক চাহ মৰ্চাৰ সভাপতি দুলেন নায়ক, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষীনাথ টাচাসহ বহুসংখ্যক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে ৷ দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰে বিজেপি নেতৃত্বসকলে ।