ধিং: ধিঙৰ চহৰীয়া গাঁৱত বন্যহস্তীৰ আক্ৰমণত এগৰাকী বৃদ্ধাৰ মৃত্যু, অঞ্চলজুৰি আতংকময় পৰিৱেশৰ সৃষ্টি
Dhing, Nagaon | Nov 8, 2024 শুক্ৰবাৰে পুৱা প্রায় ৮ মান বজাত ধিঙৰ চহৰীয়া গাৱত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এগৰাকী বৃদ্ধা মহিলা।মৃত্যু হোৱা মহিলা গৰাকীৰ নাম জাংফালি মহেলা।ঘৰ ধিঙৰ চহৰীয়া গাঁৱত ।লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড বন্যহস্তীয়ে ধিঙৰ সোনাৰী গাওঁ,চহৰীয়া গাঁও আৰু ছালনাবড়ি গাঁৱত উপদ্ৰৱ চলাই।ধিঙৰ সোনাৰী গাঁৱৰ পথাৰত পকা ধানৰ খেতি নষ্ট কৰাৰ লগতে ধিঙৰ চালনাবড়িত এটি বাসগৃহ ভাঙি চুৰ মাৰ কৰে বন্যহস্তীয়ে ।খাদ্যৰ সন্ধানত লাওখোৱা অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই অহাৰ এটা বনৰীয়