ওদালগুৰি: কলাইগাঁওত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে মায়াবিনী গীতৰ আখৰাত
অংশ ললে ৪শতাধিক মহিলাই
জন নায়ক শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটি সমষ্টি ভিত্তিত ৰাজহুৱা ভাৱে কলাইগাৱৰ ৰণথলী ষ্টেডিয়ামত অনুষ্ঠিত কৰা হ'ব। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সতে সংগতি ৰাখি ৫হাজাৰ মহিলাই একেলগে মায়াবিনী গীতটোত কণ্ঠদান কৰিব। ইপিনে গীতটো শুদ্ধ ৰূপত পৰিবেশন কৰিবৰ বাবে সমষ্টিৰ বিভিন্ন প্ৰান্তত আখৰা অনুষ্ঠিত হয়। সেইদৰে কলাইগাৱত অনুষ্ঠিত হোৱা আখৰাত প্ৰায় ৪শতাধিক মহিলাই গীতটিৰ আখৰাত অংশগ্ৰহণ কৰে।