লাহৰীঘাট: সাংবাদিক ছাইফুল ইছলামৰ পুত্ৰৰ পথ দুৰ্ঘটনাত মৃত্যু,বিধায়ক আমিনুল ইছলামসহ অনেক গুণমুগ্ধৰ উপস্থিতিত হাতীমূৰীয়াত জানাজা সঃ
মৈৰাবাৰীঅঞ্চলৰ জ্যেষ্ঠ সাংবাদিক ছাইফুল ইছলামৰ একমাত্ৰ পুত্ৰৰ এক পথ দুৰ্ঢটনাত মৃত্যু ঘটে।পিছত আজি আবেলি অনেক গুণমুগ্ধৰ উপস্থিতিত হাতীমূৰীয়াত জানাজা সম্পন্ন কৰা হয়।সুমন ওৰফে ছাকিবুল হাছান নামৰ মৃত শিশুটিৰ এই জানাজাত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ উপৰিও বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া সহ অলেখ গুণমুগ্ধ উপস্থিত থাকে।লগতে মৃত শিশুটিৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জনায়।