সোণাৰি: সোণাৰিৰ বৰহাটত আছু'ৰ উদ্যোগত ছাত্ৰ সংসতি দিৱস পালন
সোণাৰিৰ বৰহাটত বৰহাট আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আছু'ৰ শ্বহীদ উদ্যায়নত সোমবাৰে ১২-৩০বজাত ছাত্ৰ সংসতি দিৱস পালন কৰা হয়।এই উপলক্ষে পতাকা উত্তোলন,শ্বহীদ তৰ্পন কৰাৰ লগতে ছাত্র সংসতি দিৱসৰ তাৎপৰ্য, লক্ষ্য তথা সাম্প্ৰতিক সময়ত ছাত্র সংসতিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে চৰাইদেউ জিলা ছাত্র সন্থাৰ উপদেষ্টা বিষ্ণুজ্যোতি বুঢ়াগোহাঁই, আছু,বৰহাট আঞ্চলিক সমিতিৰ সভাপতি দ্বীপজ্যোতি পাল,উপদেষ্ঠা চিঞ্জীৱ গগৈ প্ৰমুখ্যে কেইবাজনো আছু নেতাই অংশগ্ৰহণ কৰে।