সোণাৰি: চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিছাৰ ৪ নম্বৰ লাইনৰ অলক তাঁতি( ১৩) বছৰীয়া কিশোৰৰ হঠাৎ হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু ৷
চৰাইদেউ মথুৰাপুৰ চাহ বাগিচাৰ ১৩ বছৰীয়া কিশোৰৰ আকস্মিক মৃত্যু চৰাইদেউ জিলাৰ অন্তৰ্গত মথুৰাপুৰ চাহ বাগিছাৰ ৪ নম্বৰ লাইনৰ নিৱাসী লাল তাঁতিৰ ১৩ বছৰীয়া পুত্ৰ অলক তাঁতি নামৰ কিশোৰ জনৰ হঠাৎ হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যুক সাৱটি লয়। জানিব পৰা মতে কিশোৰগৰাকী ভাত খোৱাৰ পাছতে বমি হ'বলৈ আৰম্ভ কৰে।ততাতৈয়াকৈ মথুৰাপুৰ বাগিছা চিকিৎসালয়লৈ নিয়া হয়।ইয়াৰ পিছতে কিশোৰ গৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক দেখি চৰাইদেউ সোণাৰি ৰজাপুখুৰীস্থিত জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও কিশোৰ গৰাকীৰ মৃত্যু হয় ৷