সাপেখাতী: বৰহাটত পথ দুৰ্ঘটনাত এগৰাকী যুৱতী নিহত, পাঁচজন গুৰুতৰভাৱে আহত
সোমবাৰে বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট চাহ বাগিচাৰ ধোদৰ আলিত পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত এজনৰ মৃত্যু হোৱাৰ লগতে পাঁচ জন গুৰুতৰভাবে আহত হয়। উল্লেখ্য যে,দৰাঘৰ নিমাইগড়ৰ পৰা বৰহাট উত্তৰ চোমদাৰ কন্যা ঘৰলৈ দৰা আনি থকা অৱস্থাত AS 33 A 8595 নম্বৰ ইকো ভানত উত্তৰ চোমদাৰ গাঁৱলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বৰহাট চাহ বাগিচাৰ ধোদৰ আলিত পথৰ কাষত বাগৰি পৰি দুৰ্ঘটনা সংঘটিত হয়। ৰুবি পুৰ্তি নামৰ এগৰাকী যুৱতী বৰহাট চিকিৎসালৈ নি থকা অৱস্থাত মৃত্যু হয়।