সাপেখাতী: টীয়ক হাবিৰ দাউখা ফৌউথা ক্ষেত্ৰত সংযুক্ত বড়ো গণ মঞ্চ দশম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰম্ভ হয়
দেওবাৰে মুখ্য তোৰণ উদ্ধোধন কৰে সমাজ কৰ্মী দিগন্ত ৰাজকোঁৱৰে। প্ৰতিনিধি শিবিৰ উদ্ধোধন কৰে চৰাইদেউ প্ৰেছ গীল্ডৰ সভাপতি সুৰ্য বড়াই। মুক্তি যুঁজাৰু হেমকান্ত বসুমতাৰী সোঁৱৰণী মঞ্চ আৰু মণ্ডপ উদ্বোধন কৰে সোণাৰি পৌৰপতি তিলক চন্দ্ৰ নেওগে। ইয়াৰ পাছতে অতিথি শালা উদ্ধোধন কৰে প্ৰাক্তন অধ্যক্ষ ৰোহিনী বড়াই। অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা বাণিজ্যিক বজাৰ উদ্ধোধন কৰে চৰাইদেউ প্ৰেছ গীল্ডৰ জেষ্ঠ সাংবাদিক সঞ্জীৱ গগৈয়ে।