সাপেখাতী: নগাহাটত নগাহাট হাই স্কুলৰ নিলম্বিত প্ৰধান শিক্ষক ৰঞ্জিত গগৈয়ে মধ্যাহ্ন চাউল গোপনে শৌচাগাৰৰ টেংকিত পোতা সন্দৰ্ভত ৰাজহুৱা
দেওবাৰ আবেলি ৩-৩০বজাত নগাহাট হাই স্কুলৰ প্ৰধান শিক্ষক ৰঞ্জিত গগৈয়ে ছাত্র- ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাইল শৌচাগাৰ টেংকিত, জানৰ কাষত মাটিত গাঁত খাণ্ডি পুতি থোৱা সন্দৰ্ভত প্ৰবিত্ৰ গগৈৰ পৌৰোহিত্বত অনুষ্ঠিত সভাখন আঁত ধৰে বিদ্যুৎ বড়াই। ইতিমধ্যে নিলম্বিত হোৱা ৰঞ্জিত গগৈয়ে পুণৰ স্কুলত যোগদান কৰিবলৈ আহিলে অভিভাৱক,ৰাইজৰ উদ্যোগত দল সংগঠনৰ সহযোগত গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ দি বিভাগীয় কৰ্তৃপক্ষক স্মাৰক পত্ৰ দিয়াৰ সিদ্ধান্ত লয়।