ওদালগুৰি: ডিমাকুচিত আৰক্ষীয়ে এক অভিযান চলাই
জব্দ কৰিলে অবৈধ সুৰাৰ বটল
ডিমাকুচি অঞ্চলত গোপন সূত্ৰৰ পম খেদি ডিমাকুচি আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলাই। ডিমাকুচি থানাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটি দলে বহু পৰিমাণৰ অবৈধ সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয়। অঞ্চলটোত বহু দিনৰ পৰা এটা দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধূলি দি অবৈধ সুৰাৰ কাৰবাৰ চলাই গৈছিল বুলি আৰক্ষীয়ে জানিব দিয়ে। ইপিনে জব্দ কৰা সুৰা খিনি আৰক্ষীয়ে থানলৈ লৈ যায়।