মৰিগাঁও: অসম চৰকাৰে বিভিন্ন জিলাত চলোৱা উচ্ছেদৰ বিৰুদ্ধে লাহৰীঘাটত মুছলিম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ
লাহৰীঘাট বজাৰত মৰিগাঁও জিলা মুছলিম ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ৰাজ্যত অব্যাহত উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। অসম চৰকাৰ হাই হাই, হিমন্ত বিশ্ব শৰ্মা হাই হাই আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। দৰিদ্ৰৰ ভূমি উচ্ছেদ কৰা সকল এতিয়া গৰু চোৰত নামি পৰিছে, খিলঞ্জীয়া আৰু মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি বন্ধ নকৰিলে হিমন্ত বিশ্ব শৰ্মা কেন্সাৰত আক্ৰান্ত হ'বলৈ বেছি দিন নাই বুলিও মন্তব্য কৰে মুছলিম ছাত্ৰ সন্থাৰ সভাপতি আশ্বিক ৰাব্বানীয়ে।