মাহমৰা: মৰাণহাটত নমো নৱভোটদাতা সন্মিলনত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন
নতুন ভোটদাতাসকলক সজাগ কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত সমগ্ৰ দেশতে অনুষ্ঠিত কৰা সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে আজি চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত মৰাণ মহাবিদ্যালয়ত নমো নৱভোটদাতা সন্মিলনৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত, মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী ফুকনৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু নতুনকৈ ভোটাধিকাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকল ৷