মাহমৰা: মাহমৰাৰ মিলন পঞ্চায়ত আৰু কচুমাৰী যুৱ সংঘ ও পুথিভঁৰালৰ তোৰণৰ শুভ উদ্বোধন কৰে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নৱ বৰুৱাই
চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত কচুমাৰী চাৰিআলিত অৱস্থিত মিলন গাওঁ পঞ্চায়তৰ কাৰ্যালয় আৰু কচুমাৰী যুৱ সংঘ আৰু পুথিভৰাঁলৰ উমৈহতীয়া তোৰণখনিৰ আজি শুভ উদ্বোধন কৰা হয় ৷ মিলন গাঁও পঞ্চায়তৰ পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে নিৰ্মাণ কৰা প্ৰয়াত দুলাল বৰা আৰু নিলোৎপল চাংমাই সোঁৱৰণী তোৰণখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে পঞ্চায়তৰ সভাপতি তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নৱ বৰুৱাই ৷