সাপেখাতী: সাপেখাতীত অবৈধ দেশী-বিদেশী সুৰা বন্ধ কৰিবলৈ সদৌ অসম চাওঁতাল ছাত্র সন্থাৰ মুঃ সাংগঠনিক সম্পাদক প্ৰবীণ টুডুৰ চৰকাৰলৈ দাবী
সাপেখাতীত অবাধ গতিত অবৈধ দেশী-বিদেশী সুৰা বন্ধ কৰিবলৈ আজি সোমবাৰে আবেলি সাত বজাত সাপেখাতীত সদৌ অসম চাওঁতাল ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক প্ৰবীণ টুডুয়ে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ দাবী জনাইছে । অন্যথা অচিৰেই সদৌ অসম চাওঁতাল ছাত্র সন্থাই নিজাববীয়াকৈ পদক্ষেপ লোৱাৰ হুংকাৰ প্ৰদান কৰে মুখ্য সাংগঠনিক সম্পাদক প্ৰবীণ টুডুয়ে ।