সাপেখাতী: লুখুৰাখনত লুখুৰাখন সার্বজনীন নামগৃহ উদ্যোগত"মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ"ভাওনা মঞ্চস্থ
লুখুৰাখন সার্বজনীন নামগৃহৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত বৃস্পতিবাৰে সন্ধিয়া ৮বজাত লুখুৰাখন নামগৃহত "মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ"-শীৰ্ষক এখন ভাওনা মঞ্চস্থ হয়। গাঁৱৰ যুৱক-যুৱতীসকলে কৰা ভাওনা খনৰ অধিকাংশ অভিনেতা-অভিনেত্ৰীৰ অভিনয় উন্নত মানৰ আছিল।অৱশ্যে দুই এজনৰ অভিনয় পদ সঞ্চালনা,সংলাপ প্ৰক্ষেপন,অংগ সংঞ্চালনাত কিছু যথৰতা আছিল যদিও অধিকাংশ অভিনেতা-অভিনেত্ৰীৰ অভিনয়ে দৰ্শকৰ মন চুই যোৱা আছিল।তদুপৰি সংগীত আৰু আলোক সম্পাতে নাট খনক অধিক জীৱন্ত কৰি তুলিছিল।