সোণাৰি: মথুৰাপুৰ কোঁৱৰগাঁৱত যুৱ সংঘৰ গৃহ নিৰ্মাণৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা যুৱ শক্তিৰ সভাপতি
মথুৰাপুৰত চৰাইদেউ জিলাৰ অগ্ৰণী শৈক্ষিক, সাংস্কৃতিক তথা ক্রীড়া অনুষ্ঠান মথুৰাপুৰ কোঁৱৰগাঁৱৰ যুৱ সংঘৰ নতুন ভৱনৰ কাম আজি অনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই উপলক্ষে পুৱা স্থানীয় ভকত-বৈষ্ণৱৰ উপস্থিতিত মাংগলিক কার্যসূচীৰ মাজৰে গৃহটিৰ কামৰ শুভাৰম্ভ কৰা হয়। সংঘৰ কৰ্মকর্তাসকলে সম্পূর্ণ নিজা প্রচেষ্টাত ভৱনটি সম্পূর্ণ পকীকৈ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে। অনুষ্ঠানত এজেপিৰ জিলা যুৱ শক্তিৰ সভাপতি ৰাজীৱ ৰাজকোঁৱৰ উপস্থিত থাকে।