সোণাৰি: সোণাৰীত টাই আহোম উন্নয়ণ পৰিষদৰ কৃষি সঁজুলি প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
চৰাইদেউ জিলাৰ সোণাৰীত আজি সন্ধিয়া টাই আহোম উন্নয়ণ পৰিষদৰ দ্বাৰা কৃষকসকললৈ যোগান ধৰা কৃষি সঁজুলি প্ৰদান অনুষ্ঠানত উপস্থিত থাকি কৃষি সঁজুলি বিতৰণ কৰে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷ এই অনুষ্ঠানত বিধায়কগৰাকীৰ লগতে চৰাইদেউ জিলা যুৱ মৰ্চাৰ সভাপতি ৰূপম গগৈ আৰু টাই আহোম উন্নয়ণ পৰিষদৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷