মাজুলী: গড়মূৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ত ভোটাৰ সজাগতা সভা অনুষ্ঠিত, জিলা আয়ুক্তৰ অংশগ্ৰহণ
Majuli, Majuli | Apr 9, 2024 নিৰ্বাচন আয়োগৰ ৰাজ্যিক আইকন পেৰা-চাইক্লিষ্ট শ্ৰীযুত ৰাকেশ বণিকৰ উপস্থিতিত মাজুলী নির্বাচনী জিলাৰ প্ৰণালীবদ্ধ ভোটাৰৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষৰ উদ্যোগত জিলাখনৰ ভোটাৰ সকলৰ মাজত ভোটদানৰ প্ৰতি সজাগতা বৃদ্ধি কৰিবৰ বাবে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত হস্তাক্ষৰ গ্ৰহণেৰে প্ৰচাৰ অভিযান চলোৱা হয়।উক্ত অভিযানত ৰাজ্যিক আইকন গৰাকীৰ লগতে জিলা আয়ুক্ত ড° কাবেৰী বি শৰ্মাকে প্ৰমুখ্যে কৰি জিলাৰ সহকাৰী আয়ুক্ত অংশগ্ৰহণ কৰে।