ভূৰাগাঁও: শনিবাৰে ভূৰাগাঁৱত মৰিগাঁও জিঃ কংগ্ৰেছৰ সংঃ বিঃ সম্পাদক আনোৱাৰ হুছেইনৰ সমালোচনা নগাঁও লোক সভাৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক
শনিবাৰে ভূৰাগাঁৱত নিশা ৯ বজাত মৰিগাঁও জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সম্পাদক আনোৱাৰ হুছেইনৰ নগাঁও লোক সভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাক সমালোচনা।ভূৰাগাঁৱত কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মৰিগাঁও জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সম্পাদক আনোৱাৰ হুছেইনে কয় যে নগাঁও লোক সভাৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই এসময়ত ভাৰতীয় সংবিধানৰ বিৰুধীতা কৰি আলফাত যোগ দি বহুতৰ জীৱন ধ্বংস কৰিলে।এতিয়া সেইজন সুৰেশ বৰাই সংসদীয় নিৰ্বাচন খেলিব আহিছে।