সোণাৰি: চৰাইদেউৰ বৰহাটত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
বৰহাট মণ্ডলৰ ২৬ নং বুথত নিৰ্বাচিনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিধায়কে । উক্ত সভাত বুথৰ সভাপতি ভোগেশ্বৰ চেতিয়া, জিলাৰ সভাপতি লক্ষ্মীনাথ তাছ, মণ্ডলৰ সভানেত্ৰী পূৰৱী দুৱৰা গগৈ, সমষ্টিৰ তত্বাৱধায়ক বিতুপন দলে, কিষান মৰ্চাৰ ৰাজ্যিক সম্পাদক দিব্যজ্যোতি বৰদলৈ, যুৱ মৰ্চাৰ জিলা উপসভাপতি নৱজ্যোতি খনিকৰ, কিষান মৰ্চাৰ বৰহাট মণ্ডলৰ সভাপতি কুমুদ দুৱৰা উপস্থিত আছিল।