সোণাৰি: সোণাৰিৰ বৰহাট মণ্ডলৰ ২৬ নং বুথত দলীয় কৰ্মীৰ সৈতে নিৰ্বাচনী প্ৰচাৰ চলালে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
লোকসভাত নিৰ্বাচনৰ দিন চমুচপাৰ লগে লগে চৰাইদেউ জিলাটো নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে । বৰহাট মণ্ডলৰ ২৬ নং বুথত নিৰ্বাচিনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে আজি সোণাৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । উক্ত সভাত বুথৰ সভাপতি ভোগেশ্বৰ চেতিয়া ,জিলাৰ সভাপতি লক্ষ্মীনাথ তাছা , মণ্ডলৰ সভানেত্ৰী পূৰৱী দুৱৰা গগৈ ,সমষ্টিৰ তত্বাৱধায়ক বিতুপন দলেকে ধৰি দলীয় নেতা সকল উপস্থিত থাকে ।