ওদালগুৰি: পৰ্বাহুহাবিত আছাৰ উদ্যোগত আৰু বিভিন্ন আদিবাসী সংগঠনৰ সহযোগত দশম বাৰ্ষিক কৰম উৎসৱ উদযাপন কৰা হয়
জিলা খনৰ পৰ্বাহুহাবিত ভেৰগাও আঞ্চলিক আছাৰ উদ্যোগত আৰু বিভিন্ন আদিবাসী সংঘটনৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে দশম বাৰ্ষিক,কৰম উৎসৱ' উদযাপন কৰা হয়।কৰম উৎসৱৰ সতে সংগতি ৰাখি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। আনহাতে সন্ধিয়া আখাড়া উদ্ধোধন,কৰম ডাল স্থাপন, কৰম কাহিনী বৰ্ণনা,কৰমতি সকলৰ নৃত্য পৰিবেশন আৰু আমন্ত্ৰিত অতিথিসকলক চিনাকি পৰ্বৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব।নিশাৰ ভাগত সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব।