বিহালীৰ বটিয়ামাৰীত উলহ-মালহেৰে অনুষ্ঠিত হয় ১২ তম তীজ সমাৰোহ। তীজ উৎসৱ উপলক্ষে আয়োজিত এই অনুষ্ঠানত বহু সংখ্যক ৰাইজে অংশগ্ৰহণ কৰি উৎসৱৰ আনন্দ উপভোগ কৰে।
আয়োজক সমিতিৰ সভানেত্ৰী নিৰ্মলা দেৱী আৰু যুটীয়া সম্পাদিকা লতা ৰিজাল আৰু পূজা দেৱীৰ নেতৃত্বত অনুষ্ঠানটো অতি সুন্দৰভাৱে অনুষ্ঠিত হয়।
অনুষ্ঠানৰ বিশেষ আমন্ত্ৰিত অতিথি কবি, সাহিত্যিক দক্ষিণা গজুৰেলে তীজ উৎসৱৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। অনুষ্ঠানত স্থানীয় বিধায়ক মুনিন্দ্ৰ দাস উপস্থিত থাকি ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।
ইয়াৰ উপৰি কলাশ্ৰী বিনোদ খনাল দেৱে অসমীয়াত ভাষণ প্ৰদান কৰি তীজ উৎসৱ কিয় পালন কৰা হয় আৰু ই গোৰ্খা পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে কেনেদৰে পালন কৰি অহা হৈছে সেই বিষয়ে সুন্দৰভাৱে ব্যাখ্যা কৰে।
অনুষ্ঠানত প্ৰায় ১৫টা নৃত্যদলে অংশগ্ৰহণ কৰি বিভিন্ন নৃত্য পৰিৱেশন কৰে। নৃত্য, সংগীত আৰু সাংস্কৃতিক কাৰ্যসূচীৰে বটিয়ামাৰীৰ তীজ সমাৰোহে এক মনমোহা পৰিবেশৰ সৃষ্টি কৰে।