গোগামুখ: গোগামুখৰ বৰবাম দিহিঙ্গীয়া গাওঁ ৰাতুল গগৈ APSC(BDO) পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰথম বাৰলৈ গাঁৱত উপস্থিত হয় যুৱক জন,
গাঁৱৰ ল'ৰাই APSC ত পাছ কৰিলে। গাঁৱৰ মানুহৰ উলাহত নধৰে বাট। আজি পুৱা গুৱাহাটীৰ পৰা ধেমাজিলৈ ৰেলেৰে অহা গম পাই বৰদলনি ষ্টেচনৰ পৰা আদৰি নিলে গায়ন-বায়নৰে গাঁৱৰ ৰাইজে। ৫-৬ কিলোমিটাৰ পুৱাৰ দোকমোকালিতে ৰেলৰ পৰাই নামিয়ে জয়ধ্বনিৰে পদযাত্ৰা গাঁৱৰ ৰাইজৰ। হয়! নাম ৰাতুল গগৈ, ধেমাজি বৰবাম দিহিঙীয়া গাঁৱৰ ৰাতুল গগৈ। সোণৰ চামুছ লৈ জন্ম হোৱা নাছিল ৰাতুল। আৱেগিক আৰু আনন্দত আত্মহাৰা গাঁৱৰ লোক। পিতৃ-মাতৃয়ে নাজানে APSC মানে কি?