গোগামুখ: মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ৭৫ সংখ্যাক গণ ৰাজ্য দিৱস
গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উদযাপন
Gogamukh MAC 👉 দেশৰ গণৰাজ্য দিৱসৰ উপলক্ষে গোগামুখস্থিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পতাকা উত্তোলন কৰে পৰিষদৰ অধ্যক্ষ সুনীল পেগুৱে। শ্বহীদ তৰ্পণ কৰে মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই। সমান্তৰালকৈ খেলপথাৰত বিভিন্ন বিদ্যালয়ৰ দ্বাৰা পেৰেডৰ লগতে বিজ্ঞান মেলা, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে।