গুৱাহাটী: জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত বহু অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি অৰ্পন,বাসগৃহত দৈনিক চলিছে ভাগৱত পাঠ
শুকুৰবাৰে জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত বহু অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি অৰ্পন। হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগৰ আজি ৮টা দিন উকলিল।জুবিনৰ বাসগৃহত আজিও শেষ শ্ৰদ্ধা জনাবলৈ আহিছে অগণন লোক। জুবিন গাৰ্গৰ বাসগৃহত দৈনিক চলিছে ভাগৱত পাঠ। পত্নী গৰিমা গাৰ্গে ভাগ লৈছে ভাগৱত পাঠত।