ওদালগুৰি: ভেৰগাঁওস্থিত পলিটেকনিক প্ৰতিষ্ঠানৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা,
জিলা বিএছইউয়ে অভিনন্দন জনালে বিজয়ী প্ৰাৰ্থীক
ভেৰগাঁওস্থিত ওদালগুৰি পলিটেকনিক প্ৰতিষ্ঠানৰ সাধাৰণ নিৰ্বাচন দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। সাধাৰণ নিৰ্বাচনত কেইবাটাও ছাত্ৰ সংগঠনে প্ৰাৰ্থী আগবঢ়াইছিল যদিও কেৱল BSUৰ প্ৰাৰ্থী সকলেহে আটাইকেইটা শাখাতে জয়লাভ কৰিবলৈ সক্ষম হয়।সেয়ে ভেৰগাঁও ব্লক সমিতি BSUক জিলা সমিতিৰ তৰফৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।