মাজুলী: গৌৰৱ গগৈ প্ৰাক্তন সাংসদ হʼব, লুইত খাবলুত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য
Majuli, Majuli | Apr 8, 2024 নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে মাজুলীত উপস্হিত মন্ত্ৰী ড০ ৰনোজ পেগু । লখিমপুৰৰ পৰা মাজুলীত নতুনকৈ সংযোজন হোৱা লুইত খাবলু পঞ্চায়তৰ অন্তৰ্গত বৰালীমৰাত এখন বিশাল জনসভাত আজি অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ড০ ৰনোজ পেগুৱে যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে। সভাত মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে মাজুলী জিলা ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি বিৰেণ শইকীয়া আৰু মিত্ৰদল কর্মী সকল।