ভূৰাগাঁও: ড্ৰাগছ সৰবৰাহৰ অভিযোগত সোমবাৰে হাতিলৰুৱা পথাৰৰ বাবুল হুছেইনক ভূৰাগাঁও আৰক্ষীয়ে জেলহাজোতলৈ প্ৰেৰণ কৰে।
সোমবাৰে আবেলি ৪ বজাত ভূৰাগাঁও আৰক্ষীয়ে হাতিলৰুৱা পথাৰৰ এজন যুৱকক ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত জেলহাজোতলৈ প্ৰেৰণ কৰে। যুৱক জনৰ নাম বাবুল হুছেইন (২৩)। উল্লেখ্য যে বাবুল হুছেইনৰ ঘৰত ৰবি বাৰে ভূৰাগাঁও আৰক্ষীয়ে তালাচি চলাই এটা ড্ৰাগছ ভৰ্তি চাবুনৰ বাকছ আৰু এটা মবাইল সহ আটক কৰিছিল। সোধপোছৰ অন্তত আজি ভূৰাগাঁও আৰক্ষীয়ে বাবুল হুছেইনক মৰিগাঁও আদালতত হাজিৰ কৰাই আবেলি ৪ বজাত জেলহাজোতলৈ প্ৰেৰণ কৰে।