ওদালগুৰি: নতুন পানবাৰীত বিপিএফ দলৰ পৰা উষ্ম আদৰণি জনালে বিধায়ক চৰণ বড়োক
জিলা খনৰ মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়োয়ে হৈ যোৱা বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ৰৌতা পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। নিৰ্বাচনত ইউপিপিএলৰ প্ৰাৰ্থী গৰাকীক পৰাজিত কৰি বিপিএফৰ প্ৰাৰ্থী চৰণ বড়ো বিজয়ী হৈছিল।সেয়ে বিপিএফ দলৰ তৰফৰ পৰা বিধায়ক তথা নৱ নিৰ্বাচিত এমচিএলএ চৰণ বড়োক উষ্ম আদৰণি জনোৱা হয়।