সোণাৰি: বুধবাৰে চৰাইদেউ পয্যটন ভৱনত "কোঁৱৰ বংশাৱলীৰ" চৰাইদেউ জিলা সমিতি গঠন ।
আজি বুধবাৰে ২০ মাৰ্চত দিনৰ ১ বজাত চৰাইদেউ পয্যটন ভৱনত "কোঁৱৰ বংশাৱলীৰ" চৰাইদেউ জিলা সমিতি গঠনৰ উদ্দেশ্যেৰে এখনি সভা অনুষ্ঠিত কৰা হয় ৷ সভা খনিত জিলাখনৰ বৰহাট, সাপেখাটী, মাহমৰা, এঙেৰা আদি অঞ্চলৰ বংশধৰ সকলৰ লগতে সদৌ অসম কোঁৱৰ বংশাৱলীৰ সম্পাদক মনোৰম কোঁৱৰ, উপ সভাপতি দিলিপ কোঁৱৰ উপস্থিত থাকি চৰাইদেউ জিলাৰ এখন সৱল জিলা সমিতি গঠন কৰে ।