সোণাৰি: চৰাইদেউৰ কাকতিবাৰীত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, অভিযানত প্ৰায় ১০০০ লিটাৰ চুলাই মদ নষ্ট কৰা হয়
অবৈধ সুৰা আৰু সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান কাকতিবাৰী আৰক্ষীৰ।কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত গঢ় লৈ উঠা অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে কাকতিবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগ জ্যোতি গগৈৰ উদ্যোগত অভিযান।কাকতিবাৰী আৰক্ষীৰ উক্ত অভিযানত কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কাকতিবাৰী হাবি গাঁৱত মঙ্গলবাৰে দিনৰ প্ৰায় ২ বজাত অভিযান চলোৱা হয়।উক্ত অভিযানত প্ৰায় ১০০০ লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে চুলাই মদ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী জব্দ কৰি ধ্বংস কৰা হয়