ভূৰাগাঁও: বুধবাৰে ৰজাবড়ী ৰাধাগোবিন্দ মণ্ডিৰ প্ৰাঙ্গনত কুশতলি আৰু গেৰুৱা মণ্ডল বিজেপি উদ্যোগত ৰজাবড়ী ২০২ নং বুথৰ নিৰ্বাচনী সভা ।
বুধবাৰে কুশতলি আৰু গেৰুৱা মণ্ডল বিজেপিৰ উদ্যোগত ৰজাবড়ী ৰাধাগোবিন্দ মণ্ডিৰ প্ৰাঙ্গনত অনুষ্ঠিত হয় ৰজাবড়ী ২০২নং বুথৰ নিৰ্বাচনী সভা। বুধবাৰে আবেলি ৪ বজাত অনুষ্ঠিত হোৱা এই নিৰ্বাচনী সভা খনত নগাঁও লোকসভাৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত আলোচনা কৰা হয়। সভা খনত উপস্হিত থাকে বিজেপিৰ কুশতলি আৰু গেৰুৱা মণ্ডল সমিতিৰ সভাপতি ৰাজেন সেনাপতি, উপসভাপতি সঞ্জয় ব্ৰহ্ম, এছ টি মৰ্চাৰ সভাপতি সুশীল বড়ো,জিলা এছ টি মৰ্চাৰ উপ-সভাপতি পৱন দেউৰি আৰু কেবাজনো জ্যেষ্ঠ কৰ্মী।