সোণাৰি: চৰাইদেউত জিলাৰ চাৰিসীমাক লৈ বিতৰ্ক মাহমৰাৰ সমষ্টিৰ দুটা পঞ্চায়তক বাদ দিয়াৰ ব্লুপ্ৰিণ্ট ৰচনাক লৈ সৰ্বত্ৰে ক্ষোভৰ উদগীৰণ
চৰাইদেউ জিলাত চৰাইদেউ মৈদাম অন্তৰ্ভুক্তিক লৈ বিগত সময়ত অব্যাহত থকা চাৰিসীমা কেন্দ্ৰিক সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ হস্তক্ষেপত চৰাইদেউ জিলা প্ৰশাসনে গোপনে প্ৰস্তুত কৰা চাৰিসীমাৰ মেপখনক লৈ মাহমৰা সমষ্টিৰ দুখন গাঁও পঞ্চায়তৰ জনসাধাৰণৰ মাজত ব্যাপক ক্ষোভৰ উদগীৰণ হৈছে ।