ভূৰাগাঁও: ৰবিবাৰে বিয়লি ২ বজাত ভূৰাগাঁও ৰথখোলা প্ৰাঙ্গনত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় শুভউদ্বোধন মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰিৰ ।
ৰবিবাৰে ভূৰাগাঁও ৰথখোলাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় শুভউদ্বোধন মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰিৰ। ৰবিবাৰে বিয়লি ২ বজাত কাৰ্যালয় টি শুভউদ্বোধন কৰে দেউৰিয়ে। উদ্বোধনী কাৰ্যসূচীত কেবাজনো লোকে কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰে। ৰমাকান্ত দেউৰিয়ে কংগ্ৰেছ ত্যাগ কৰা লোক সকলক বিজেপিৰ দলীয় গামোছাৰে আদৰণী জনাই আৰু কয় এতিয়া কংগ্ৰেছ দলৰ কোনো প্ৰাসঙ্গিকতা নাই আৰু সেইবাবে সকলোৱে বিজেপিত যোগদান কৰি দেশৰ উন্নয়নৰ যাত্ৰাত সকলোৱে সহযোগ কৰিব লাগে।