উত্তৰ লক্ষীমপুৰ: ঘূণাসুঁতিত অঘটন,শনিবাৰে নিশা সোৱণশিৰি নদীয়ে উটুৱাই নিয়া টপেশ্বৰ টাইড নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হয় দেওবাৰে পুৱতি নিশা
লখিমপুৰৰ ঘূণাসুঁতিত শনিবাৰে নিশা এক অঘটন সংঘটিত হয় ।সোৱণশিৰি নদীয়ে উটুৱাই নিয়ে টপেশ্বৰ টাইড নামৰ এজন লোকক৷ সোৱণশিৰি নদীত সন্ধানহীন হোৱা টপেশ্বৰ টাইডৰ মৃতদেহ দেওবাৰে উদ্ধাৰ হয়। লখিমপুৰ জিলাৰ ঘূণাসুতি মৰাসোৱণশিৰিত সাঁতুৰি পাৰ কৰিব বিচাৰিছিল টপেশ্ব টাইড। তেনে সময়ত মৃত্যুক সাৱটি লয় সোৱণশিৰি নদীত। স্থানীয় ৰাইজে হাত নাওয়ে উদ্ধাৰ অভিযান চলাই দেওবাৰে পুৱতি নিশা তিনি মান বজাত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।