ওদালগুৰি: টংলাত অনুষ্ঠিত হয় শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ লগতে স্মৃতি সৌধ উন্মোচন কাৰ্যসূচী
টংলাত দাপোন দা মিৰৰৰ উদ্যোগত জননায়ক গৰাকীৰ স্মৃতি সৌধ এটি উন্মোচন কৰা হয়। স্মৃতি সৌধটো আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰে জুবিন গাৰ্গৰ অন্তৰংগ বন্ধু তথা নাট্য শিল্পী পবিত্ৰ ৰাভাই। শিল্পী গৰাকীৰ এমহীয়া শ্ৰাদ্ধৰ দিনটোতে স্মৃতি সৌধ উন্মোচন আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীত নাম কীৰ্তন, ভাগৱত পাঠ, আৰু বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰ অনুষ্ঠিত কৰা হয়।