গোলাঘাট: আঠখেলীয়াত কাকডোঙা নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বছা-বৰাপথাৰ মথাউৰি, বানত প্লাৱিত ৫খনকৈ গাঁও #jansamasya
আঠখেলীয়াত কাকডোঙা নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বছা-বৰাপথাৰ মথাউৰি। বানত প্লাৱিত ৫খনকৈ গাঁও। শনিবাৰে বিয়লি প্ৰায় ৫ মান বজাত বছাপথাৰত সদৰি কৰা মতে বানত প্লাৱিত হৈছে ৫খনকৈ গাঁও। এইকেইদিন নেৰানেপেৰা বৰষুণৰ ফলত কাকডোঙা নদীৰ পানী বিপদসীমা অতিক্ৰম কৰাৰ ফলত আঠখেলীয়াৰ বছা-বৰাপথাৰ মথাউৰিৰ প্ৰায় ১ কিলোমিটাৰ ভাঙি নিয়াৰ ফলত আঠখেলীয়া, বছা-বৰাপথাৰ, মক্ৰং হাবি, ২নং বছা, পুলিকাইটনী আদি এতিয়া বানৰ কৱলত। অতি শীঘ্ৰে বান্ধ নিৰ্মাণ কৰাৰ আহ্বান জনাইছে ৰাইজে।