তিনিচুকীয়া: নগৰত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ মন্ত্ৰী সঞ্জয় কিষাণ আৰু অ'বিচি মৰ্চাৰ ৰাজ্যিক সমিতিৰ সভানেত্ৰীৰ
তিনিচুকীয়াত ২১ নং বুথ বিজেপিৰ নিৰ্বাচনী সভাত অংশ লৈ জনতাৰ সৈতে মত বিনিময় কৰে কেবিনেট মন্ত্ৰী সঞ্জয় কিচানে । ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি মিত্ৰজোটৰ মনোনীত প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ৰাইজৰ আশা আৰু বিশ্বাসক জিনি বিজয় নিশ্চিত কৰিছে বুলি আশা মন্ত্ৰী গৰাকীৰ । আজিৰ এই নিৰ্বাচনী সভাত অ'বিচি মৰ্চাৰ ৰাজ্যিক সমিতিৰ সভানেত্ৰী ৰূপা গোহাঁই, ৰাজ্যিক সমিতিৰ সদস্য শান্তনু দত্ত আৰু মণ্ডল পৰ্যায়ৰ দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে।