সাপেখাতী: বৰুৱানগৰত নেচনেল মাষ্টাচগ্ৰেমছ ৰাষ্ট্ৰীয় দৌৰপ্ৰতিযোগিতাত বিজয়ী ৰিণা ডেকা সম্বৰ্ধনাত ৰাষ্ট্ৰীয় কাৰাটে প্ৰশিক্ষক ৰাতুল গগৈ
দেওবাৰে আবেলি চাৰি বজাত বৰুৱানগৰত চুপাৰ মাষ্টাচ গ্ৰেমচ এণ্ড স্প'ট ফেডাৰেচন উদ্যোগত গোৱাত অনুষ্ঠিত নেচনেল মাষ্টাচ গ্ৰেমছ২০২৪ ৰাষ্ট্ৰীয় দৌৰ প্ৰতিযোগিতাত ২০০মিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰা ৰিণা ডেকাক আজি চৰাইদেউ জিলা সমৰ কলা সন্থা,সুন্দৰপুৰ চাহ শ্ৰমিক সমুহীয়া উন্নয়ন কেন্দ্ৰৰ লগতে স্থানীয় ৰাইজে সম্বৰ্ধনা জনায়।অনুষ্ঠানত ৰাষ্ট্ৰীয় কাৰাটে বিচাৰক ৰাতুল গগৈ, ৰাজ্যিক উশ্বু বিচাৰক তৰুণ গগৈ প্ৰমুখ্যে কেইবাজনো লোকছ অংশগ্ৰহণ কৰে।