সোণাৰি: বিজেপিৰ অসম ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱ লোচন দাসৰ সোণাৰিত নিৰ্বাচনী সভাত অংশগ্ৰহণ
চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ ১০ নং বাৰ্ডত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিৰ অসম ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে কয় যে ভোটদান আমাৰ কৰ্তব্য আৰু আমি ভোটদান কৰিব লাগে । আমি সমগ্ৰ দেশৰ নাগৰিক এক পৰিয়াল যাৰ বাবে আমি বিজেপি ( আমাৰ বিজেপি পৰিয়াল ) বুলি লিখোঁ । সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা বিজেপি সভাপতি উপস্থিত থাকে ।