ওদালগুৰি: খৈৰাবাৰীত নৱ নিযুক্ত ইএম লৌমশ্ৰাউ দৈমাৰীক আদৰণী জনালে সমষ্টিবাসী ৰাইজে
বিটিচিৰ পৰিষদীয় নিৰ্বাচনত খৈৰাবাৰী সমষ্টিৰ পৰা বিপিএফৰ প্ৰাৰ্থী হিচাপে লৌমশ্ৰাউ দৈমাৰীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে দৈমাৰীয়ে হাগ্ৰামা মহিলাৰীৰ চৰকাৰত ইএম হিচাপে দায়িত্ব লাভ কৰে।ইএম দায়িত্ব লাভ কৰি প্ৰথম বাৰলৈ সমষ্টিত উপস্থিত হোৱাত সমষ্টিবাসীৰ লগতে দলৰ কাৰ্য্যকৰ্তা সকলে আৰনাই আৰু গামোচা পিন্ধাই আদৰণি জনালে ইএম গৰাকীক।