লাহৰীঘাট: মৈৰাবাৰীৰ শগুণবাহীত মছজিদত চুৰি কাৰ্য সংঘটিত কৰা চোৰ আটক কৰাৰ সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীৰ প্ৰতিক্ৰিয়া
মৈৰাবাৰী অঞ্চলৰ শগুণবাহীত এটা মছজিদত নিশা চুৰি কাৰ্য সংঘটিত কৰিব গৈ এজন যুৱক আটক হ'ব লগীয়া হয়।অভিযোগ মতে,যোৱা নিশা মছজিদটোত দুজন যুৱকে তলা ভাঙি চুৰি কাৰ্য সংঘটিত কৰাৰ সময়তে স্থানীয় এজনে প্ৰত্যক্ষ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰু এজনক আটক কৰে যদিও এজনে পলায়ন কৰে।আটক কৰা যুৱক জন হৈছে ধিং বটাবাৰীৰ মাৰুফ আলী।পলায়ন কৰা জন অঞ্চলটোৰ ময়িদুল।আটকাধীন যুৱকজনৰ কবলৰ পৰা দুডাল ৰড আৰু ড্ৰাগছত ব্যৱহৃত কিছু সামগ্ৰী উদ্ধাৰ কৰিছে।এই সন্দৰ্ভত আজি প্ৰত্যক্ষদৰ্শীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।