ভূৰাগাঁও: শুক্ৰবাৰে নিজগেৰুৱাত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত বিজেপি মন্ত্ৰী বিধায়কৰ নামত কবিতা গাই প্ৰচাৰ শিবাজী ডেকাৰ।
শুক্ৰবাৰে নিজগেৰুৱাত অনুষ্ঠিত বিজেপিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ লোকসভাৰ প্ৰাৰ্থী নেতা, মন্ত্ৰী বিধায়কৰ নামত প্ৰশংসা মুলক কবিতা গাই প্ৰচাৰ সুবক্তা শিবাজী ডেকাৰ। উল্লেখ্য যে বৰ্তমান বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা সমূহত বক্তা সকলে ভোটাৰক আকৃষ্ট কৰিবৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰিছে। শুক্ৰবাৰে আবেলি ৪ বজাত নিজ গেৰুৱাত অনুষ্ঠিত সভা খনত বিজেপিৰ নগাঁও লোকসভাৰ প্ৰাৰ্থী সুৰেশ বৰা আৰু বিজেপিৰ মন্ত্ৰী বিধায়কৰ প্ৰশংসা কৰি কবিতা ৰচি প্ৰচাৰ চলাই সুবক্তা শিবাজী ডেকাই।